১। হাতীপটিত থকা তৰাৰ সংখ্যাতকৈ পৃথিৱীত অধিক গছ আছে।
২। আমাজন বৰ্ষাৰণ্যই পৃথিৱীৰ ২০ শতাংশতকৈও অধিক অম্লজান (অক্সিজেন)ৰ উৎপাদন কৰে।
৩। মাত্ৰ এচামুচ মাটিত সমগ্ৰ পৃথিৱীৰ জনসংখ্যাতকৈও অধিক অনুজীৱ থাকে।
৪। সাগৰীয় প্ৰাণী অক্টোপাচৰ হৃদপিণ্ড তিনিটাঃ তাৰে দুটাই শ্বাসতন্ত্ৰ বা ফুল (gill)লৈ তেজৰ যোগান ধৰে আৰু তৃতীয়টোৱে শৰীৰৰ বাকী অংশলৈ তেজ প্ৰৱাহিত কৰে।
৫। গৰুৰ মাজত আৱেগিক বন্ধুত্ব গঢ়ি উঠে। অধ্যয়নৰ পৰা গম পোৱা গৈছে যে বহুদিন ধৰি একেলগে বাস কৰা গৰুৰ মাজত এনে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে যে পৰস্পৰৰ পৰা বিচ্ছেদ ঘটালে সিহঁতে মানসিক চাপৰ ফলত শাৰীৰিক অসুস্থতাৰ সন্মুখীন হ’ব পাৰে।
৬। আমি ইজনে আনজনক নাম ধৰি মতাৰ নিচিনাকৈ, ডলফিনবিলাকে এটাই আনটোক নিৰ্দিষ্ট একোটা সুহুৰিৰে সম্বোধন কৰে, অৰ্থাৎ সিহঁতৰ প্ৰত্যেকৰে একোটা নিৰ্দিষ্ট পৰিচয় থাকে।
৭। মিছা মাছ (shrimp)ৰ হৃদপিণ্ডটো মূৰত অৱস্থিত। এই ক্ষেত্ৰত ইহঁত এক ব্যতিক্ৰমী প্ৰাণী।
৮। পখিলাই ঠেঙৰ সহায়ত সোৱাদ অনুভৱ কৰিব পাৰে আৰু ইয়াৰ সহায়ত সিহঁতে কণী পাৰিবৰ কাৰণে উপযুক্ত গছৰ পাত বাচনি কৰিব পাৰে।
৯। কাঠ ভেকোলা (Wood frog)ৰ দৰে কেতবোৰ ভেকুলীৰ প্ৰজাতিয়ে শীতকালত দেহৰ প্ৰায় ৭০% হিমায়িত (frozen) অৱস্থালৈ ৰূপান্তৰিত কৰি প্ৰতিকূল পৰিৱেশতো জীয়াই থাকিব পাৰে।
১০। কাঙ্গাৰুৱে পিচলৈ খোজ কাঢ়িব নোৱাৰে। সিহঁতৰ শকত পাচঠেং আৰু নেজডালৰ কাৰণে এই ক্ষমতা নাথাকে।
