Home > Archive > 33th issue > Article(33th issue) > কুকুৰাত দেখা দিয়া এটা বদভ্যাস ‘স্বজাতিভক্ষণ’ (Cannibalism)

কুকুৰাত দেখা দিয়া এটা বদভ্যাস ‘স্বজাতিভক্ষণ’ (Cannibalism)

2votes

ডঃ নয়নজ্যোতি পাঠক

সহকাৰী অধ্যাপক, ৰোগ নিৰূপণ বিভাগ

লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়

জহিং, উত্তৰ লখিমপুৰ

ইমেইল : nayanjyoti.pathak@aau.ac.in

 

‘স্বজাতিভক্ষণ’ বা ইংৰাজীত ক্যানিবালিজম্‌ (Cannibalism) মজিয়াত প্ৰতিপালন কৰা কুকুৰাৰ ক্ষেত্ৰত বহুলভাৱে দেখা দিয়া এটা অতি গুৰুতৰ বদভ্যাস, যি আক্রান্ত কুকুৰাবোৰৰ দেহৰ পৰা কণী বাহিৰ হোৱা অংশ (Vent)ত তেজ ওলোৱাৰ লগতে সেই অংশেৰে কুকুৰাৰ অন্ত্ৰ (Intestine) বাহিৰলৈ ওলাই আহে আৰু তাকেই আনকুকুৰাই ভক্ষণ কৰে আৰু শেষত কুকুৰাটো মৃত্যু মুখত পৰে। তেনেদৰে দেহৰ আন অংশতো আন কুকুৰাই খুটিয়াই আঘাত কৰিব পাৰে। এই সমস্যাটোৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। কেৱল এই বদভ্যাস গঢ়ি উঠাৰ প্ৰকৃত কাৰণটো বিচাৰি উলিয়াই সেই অনুপাতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিহে আমি এই সমস্যাটো পাম এখনত নোহোৱা কৰিব পাৰোঁ। কুকুৰা পাম এখনত দেখা দিয়া এই সমস্যাৰ প্ৰধান কাৰণবোৰ হ’ল –

(১) পামত কুকুৰা যদি ঘন হয়। পামখনৰ আকাৰ অনুপাতে যদি কুকুৰা বেছিকৈ ৰখা যায়, তেতিয়া কুকুৰাবোৰে অশান্তি পাই এই অভ্যাস গঢ়ি তুলিব পাৰে। ঠোঁট নকটা (non-debeaked) কুকুৰাৰ ক্ষেত্ৰত এই সমস্যা বেছিকৈ হোৱা দেখা যায়।

(২) পামত কুকুৰাৰ অনুপাতে যদি দানা আৰু পানী দিয়া পাত্ৰ পৰ্য্যাপ্ত নহয় বা দানা আৰু পানীৰ যোগান যদি কম হয়, তেতিয়া কুকুৰাবোৰ ভোকত থাকিলে এই অভ্যাস গঢ়ি উঠিব পাৰে।

(৩) ব্ৰুডিঙৰ সময়ত যদি গৰম অত্যধিক হয়।

(৪) পামৰ কোঠাবোৰত পোহৰৰ পৰিমাণ যদি অত্যধিক হয়।

(৫) পামখনত যদি বতাহ চলাচল সঠিক নহয় আৰু পামৰ আৰ্দ্ৰতা যদি কম হয়।

(৬) সাধাৰণতে কুকুৰাই তেজৰ ৰঙা ৰংটোৰ প্ৰতি বেছিকৈ আকৰ্ষিত হোৱা দেখা যায়। ফলত যিকোনো কাৰণত দেহত তেজ ওলালে, যেনেঃ কণী পৰা অৱস্থাত (নতুনকৈ কণী পৰা কুকুৰাই ডাঙৰ কণী পাৰিলে), কুকুৰাৰ মাজত কাজিয়া লাগিলে, প্ৰজননৰ সময়ত আঘাত পালে নাইবা বহিঃপৰজীৱী (ectoparasite), যেনেঃ ওকণি, চাঁহি, চেৰেপা, চিকৰা আদিয়ে পাখি আৰু ছালত থিতাপি লৈ তেজ শুহি থাকিলে কুকুৰাই নিজৰ পাখি নিজে খুটিওৱাৰ ফলত ৰক্তক্ষৰণ হ’লে এই বদভ্যাস গঢ় লৈ উঠে। এবাৰ কুকুৰাবোৰে আন কুকুৰাৰ তেজ আৰু মাংসৰ সোৱাদ পালে এই বদভ্যাস সহজে গঢ়ি উঠে।

(৭) কোনো কোনো ক্ষেত্ৰত কুকুৰাক অকল গোটা দানা (pellet or compressed feed) খুৱালে এই সমস্যাই দেখা দিব পাৰে।

(৮) তদুপৰি, কুকুৰাবোৰৰ ত্বৰাণ্বিত যৌন পৰিপক্কতা, অধিক কণী উৎপাদন, আলস্য, বিৰক্তি আৰু আনকি কুকুৰাবোৰ কিবা কাৰণত ভয়ত থাকিলেও এই বদভ্যাস গঢ় লৈ উঠিব পাৰে।

(৯) পামত থকা পুৰণি কুকুৰাখিনিৰ লগত নতুনকৈ কোনো কুকুৰা ৰাখিলে এই সমস্যা দেখা যায়।

(১০) এইবোৰ কাৰকৰ উপৰিও কুকুৰাক দিয়া দানাত যদি দানাৰ প্ৰতিটো উপাদান সঠিক পৰিমাণে নাথাকে, তেতিয়াও এই সমস্যা দেখা দিয়ে। উদাহৰণ স্বৰূপে, দানাত যদি প্ৰ’টিনৰ পৰিমাণ কম থাকে, মাকৈৰ পৰিমাণ বেছি থাকে, এমিন’ এছিদৰ অভাৱ থাকে, তেতিয়াও এই সমস্যা দেখা দিব পাৰে। ইয়াৰ উপৰিও, দানাত নিমখৰ পৰিমাণ আৰু খনিজ পদাৰ্থ (minerals) কম হ’লেও এই সমস্যাৰ উদ্ভৱ হ’ব পাৰে।

            এনেদৰে বিভিন্ন কাৰণত পাম এখনত ক্যানিবালিজম বদভ্যাস গঢ় লৈ উঠা দেখা পোৱা যায়। উপৰোক্ত কাৰণবোৰৰ সঠিক চিনাক্তকৰণ কৰি উপযুক্ত ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি পাম এখনৰ পৰা ক্যানিবালিজম দূৰ কৰিব পাৰোঁ।  

Download PDF

Leave a Reply